হাওৰাঘাটত বিজেপিৰ শক্তি কেন্দ্ৰভিত্তিক ফুটবল

Uncut Bhaskar 0 Views
হাওৰাঘাটত বিজেপিৰ শক্তি কেন্দ্ৰভিত্তিক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি ⚽🏆 চূড়ান্ত খেলত জালজুৰিক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন পানকুমাৰ শক্তিকেন্দ্ৰৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু সামাজিক ঐক্য-সম্প্ৰীতিৰ লক্ষ্যৰে হাওৰাঘাট মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত বিজেপি শক্তি কেন্দ্ৰভিত্তিক ফুটবল প্ৰতিযোগিতা–২০২৬ৰ সফল সামৰণি পৰে। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত পানকুমাৰ শক্তিকেন্দ্ৰই জালজুৰি শক্তিকেন্দ্ৰক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বিজয়ী দলটোক ৩০ হাজাৰ টকা আৰু ট্ৰফী, আনহাতে বিজিত দলটোক ২০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, বিধায়ক লুনচিং টেৰণ, বিধায়িকা নিছ’ টেৰাংপিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, দলীয় নেতা-কৰ্মী আৰু বহু ফুটবলপ্ৰেমী ৰাইজ উপস্থিত থাকে। হাওৰাঘাটৰ পৰা ৰত্ন কান্ত পাঠকৰ ৰিপ’ৰ্ট। #FocusAxom24 #Howraghat #KarbiAnglong #FootballTournament #AssamNews

Comments

Latest Videos